ছূৰা 2 · জুজ 1
Al-Baqarah · 2:38
قُلْنَا اهْبِطُوا مِنْهَا جَمِيعًا ۖ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنْ تَبِعَ هُدَايَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
আমি ক’লো, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰত কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু চিন্তাৰো কোনো কাৰণ নাই’।
তাফছীৰ
আমি সিহঁতক ক'লো, 'তোমালোক আটায়ে জান্নাতৰ পৰা পৃথিৱীলৈ প্ৰস্থান কৰা। যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুলসকলৰ জৰিয়তে হিদায়ত আহে, তেন্তে যিয়ে তাৰ অনুসৰণ কৰিব আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰিব আখিৰাতত তাৰ কোনো ভয় নাই আৰু পৃথিৱীৰ অংশ নোপোৱাৰ কাৰণেও কোনো চিন্তা নাই'।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক