ছূৰা 2 · জুজ 1

Al-Baqarah · 2:3

الَّذِينَ يُؤْمِنُونَ بِالْغَيْبِ وَيُقِيمُونَ الصَّلَاةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ

যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।

তাফছীৰ

যিসকলে গায়েব (অদৃশ্য)ৰ প্ৰতি বিশ্বাস স্থাপন কৰে। গায়েবৰ দ্বাৰা সেইসকল বস্তুক বুজোৱা হৈছে, যিবোৰ আমাৰ ইন্দ্ৰিয়ৰে গমি চোৱা অসম্ভৱ। কিন্তু সেই বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক জনাইছে। যেনে- আখিৰাত দিৱস। তেওঁলোকেই ( অৰ্থাৎ সেই বিশ্বাস স্থাপনকাৰী সকলে) আল্লাহে দেখুৱাই দিয়া নিয়মানুসাৰে চৰ্ত, আৰকান, ৱাজিবাত আৰু ছুন্নতসমূহৰ সৈতে ছালাত প্ৰতিষ্ঠা কৰে। তেওঁলোকেই আল্লাহে দিয়া সম্পদ ছোৱাবৰ উদ্দেশ্যে (আল্লাহৰ পথত) ব্যয় কৰে। যেনে- যাকাত, নফল চাদাক্বা। হে নবী! তেওঁলোকেই তোমাৰ ওপৰত আৰু তোমাৰ পূৰ্বৱৰ্তী সকলো নবীৰ ওপৰত অৱতীৰ্ণ হোৱা অহীৰ প্ৰতি ভেদভাৱ নকৰাকৈ বিশ্বাস কৰে। তেওঁলোকেই আখিৰাত আৰু ইয়াৰ প্ৰতিদান ও শাস্তিৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক