ছূৰা 2 · জুজ 3
Al-Baqarah · 2:277
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ لَهُمْ أَجْرُهُمْ عِنْدَ رَبِّهِمْ وَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
নিশ্চয় যিসকলে ঈমান আনিছে, নেক আমল কৰিছে, ছালাত প্ৰতিষ্ঠা কৰিছে আৰু যাকাত প্ৰদান কৰিছে, তেওঁলোকৰ প্ৰতিদান আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত; আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।
তাফছীৰ
প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, সত্কৰ্ম কৰিছে আৰু আল্লাহে যেনেকৈ কৈছে সেই অনুযায়ী সম্পূৰ্ণ ছালাত আদায় কৰিছে, লগতে যাকাতৰ উপযুক্ত ব্যক্তিক যাকাত প্ৰদান কৰিছে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ প্ৰতিদান পাব। ভৱিষ্যতৰ কোনো চিন্তা তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা বস্তুৰ প্ৰতিও কোনো দুখ নহ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক