ছূৰা 2 · জুজ 3
Al-Baqarah · 2:276
يَمْحَقُ اللَّهُ الرِّبَا وَيُرْبِي الصَّدَقَاتِ ۗ وَاللَّهُ لَا يُحِبُّ كُلَّ كَفَّارٍ أَثِيمٍ
আল্লাহে সুতক নিশ্চিহ্ন কৰে আৰু ছাদাকাক বৃদ্ধি কৰে; আৰু আল্লাহে কোনো অধিক কুফৰীকাৰী, পাপীক ভাল নাপায়।
তাফছীৰ
আল্লাহে সুতৰ ধন বিনষ্ট কৰি দিয়ে, প্ৰকাশ্যভাৱে বিনষ্ট কৰে অথবা বৰকত উঠাই লয়। আনহাতে চাদাকাৰ ছোৱাব কেই গুণ বৃদ্ধি কৰি দিয়ে। এতেকে এটা নেকীৰ বৃদ্ধি দহৰ পৰা সাত শ গুণ পৰ্যন্ত বা তাতোকৈ বেছি কৰি দিয়ে লগতে দানকাৰীৰ সম্পত্তিত বৰকত দিয়ে। আল্লাহে বিৰুদ্ধাচাৰী কাফিৰক, হাৰামক হালাল বুলি ভৱা ব্যক্তিক লগতে পাপ কৰ্মত লিপ্ত থকা ব্যক্তিক ভাল নাপায়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক