ছূৰা 2 · জুজ 3

Al-Baqarah · 2:259

أَوْ كَالَّذِي مَرَّ عَلَىٰ قَرْيَةٍ وَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا قَالَ أَنَّىٰ يُحْيِي هَٰذِهِ اللَّهُ بَعْدَ مَوْتِهَا ۖ فَأَمَاتَهُ اللَّهُ مِائَةَ عَامٍ ثُمَّ بَعَثَهُ ۖ قَالَ كَمْ لَبِثْتَ ۖ قَالَ لَبِثْتُ يَوْمًا أَوْ بَعْضَ يَوْمٍ ۖ قَالَ بَلْ لَبِثْتَ مِائَةَ عَامٍ فَانْظُرْ إِلَىٰ طَعَامِكَ وَشَرَابِكَ لَمْ يَتَسَنَّهْ ۖ وَانْظُرْ إِلَىٰ حِمَارِكَ وَلِنَجْعَلَكَ آيَةً لِلنَّاسِ ۖ وَانْظُرْ إِلَى الْعِظَامِ كَيْفَ نُنْشِزُهَا ثُمَّ نَكْسُوهَا لَحْمًا ۚ فَلَمَّا تَبَيَّنَ لَهُ قَالَ أَعْلَمُ أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

অথবা সেই ব্যক্তিৰ দৰে, যিয়ে এনেকুৱা এটা জনপদ অতিক্ৰম কৰি আছিল যিটো সম্পূৰ্ণ বিধ্বস্ত হৈছিল। সি ক'লে, 'মৃত্যুৰ পিছত আকৌ কেনেকৈ আল্লাহে ইয়াক জীৱিত কৰিব'? তাৰ পিছত আল্লাহে তাক এশ বছৰ মৃত অৱস্থাত ৰাখিলে। অৱশেষত তাক পুনৰ্জীৱিত কৰিলে। আল্লাহে ক'লে, 'তুমি কিমান দিন অৱস্থান কৰিলা'? সি ক'লে, 'এদিন বা এদিনতকৈও কম সময় অৱস্থান কৰিছো'। তেওঁ ক'লে, 'বৰং তুমি এশ বছৰ অৱস্থান কৰিছা। এতেকে তুমি তোমাৰ খাদ্যসামগ্ৰী আৰু পানীয় বস্তুৰ ফালে লক্ষ্য কৰা, সেইবোৰ অবিকৃত আছে আৰু চোৱা, তোমাৰ গাধটোৰ পিনে, আৰু (এয়া কৰিছো) যাতে আমি তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰো, আৰু অস্থিসমূহৰ পিনে চোৱা; কেনেকৈ সেইবোৰ সংযোজিত কৰো আৰু মাংসপিণ্ডৰে ঢাকি দিওঁ'। তাৰ পিছত যেতিয়া তাৰ ওচৰত স্পষ্ট হ’ল তেতিয়া সি ক’লে, 'মই জানো, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান'।

তাফছীৰ

অথবা আপুনি সেই ব্যক্তিৰ দৰে আন কোনো ব্যক্তি দেখিছে নেকি? যিজন ব্যক্তিয়ে এনেকুৱা এটা গাওঁৰ মাজেৰে অতিক্ৰম কৰিছিল যি গাওঁৰ ঘৰ দুৱাৰ বিনষ্ট হৈছিল আৰু তাত থকা অধিবাসীসকল ধ্বংস হৈছিল আৰু সেই গাওঁ ভয়াৱহ আৰু জনশূন্য হৈ গৈছিল। ব্যক্তিজনে আচৰিত হৈ কলে, আল্লাহে এই গাওঁবাসীক মৃত্যুৰ পিছত আকৌ কেনেকৈ জীৱিত কৰিব? ফলত আল্লাহে তেওঁক এশ বছৰৰ বাবে মৃত্যু প্ৰদান কৰিলে। পুনৰ তেওঁক জীৱিত কৰিলে আৰু সুধিলেঃ তুমি কিমান সময় মৃত হৈ আছিলা? তেওঁ উত্তৰ দিলেঃ মই এদিন অথবা কেই ঘন্টামান মৃত হৈ আছিলো। আল্লাহে তেওঁক জনালে যে, বৰং তুমি সম্পূৰ্ণ এশ বছৰ মৃত অৱস্থাত আছিলা। ইয়াৰ পিছতো তোমাৰ খাদ্যসামগ্ৰীৰ পিনে চোৱা, সেয়া আগৰ দৰেই সতেজ হৈ আছে, কোনো পৰিবৰ্তন হোৱা নাই। যদিও খাদ্য সামগ্ৰী অতি সোনকালে বেয়া হয়। আনহাতে তোমাৰ মৃত গাধটোৰ পিনে চোৱা। আমি তোমাৰ লগত এনেকুৱা এই বাবে কৰিলো যাতে তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰি যে, আল্লাহে পুনৰজীৱিত কৰিবলৈ সম্পূৰ্ণ সক্ষম। তোমাৰ মৃত গাধটোৰ হাড়খিনিলৈ চোৱা, কেনেকৈ সিচৰিত হৈ আছে। চোৱা! আমি কেনেকৈ এইবোৰক একত্ৰিত কৰি সংযুক্ত কৰো আৰু কেনেকৈ ইয়াৰ ওপৰত মাংস লগাই দিওঁ আৰু চোৱা কেনেকৈ আমি ইয়াক জীৱন দান কৰো। যেতিয়া তেওঁ এই দৃশ্য দেখা পালে, তেতিয়া তেওঁৰ ওচৰত সত্য উদ্ঘাটন হ'ল আৰু আল্লাহৰ শক্তি স্বীকাৰ কৰি কলে, মই জানো যে, আল্লাহ সকলো বিষয়ত ক্ষমতাৱান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক