ছূৰা 2 · জুজ 3
Al-Baqarah · 2:258
أَلَمْ تَرَ إِلَى الَّذِي حَاجَّ إِبْرَاهِيمَ فِي رَبِّهِ أَنْ آتَاهُ اللَّهُ الْمُلْكَ إِذْ قَالَ إِبْرَاهِيمُ رَبِّيَ الَّذِي يُحْيِي وَيُمِيتُ قَالَ أَنَا أُحْيِي وَأُمِيتُ ۖ قَالَ إِبْرَاهِيمُ فَإِنَّ اللَّهَ يَأْتِي بِالشَّمْسِ مِنَ الْمَشْرِقِ فَأْتِ بِهَا مِنَ الْمَغْرِبِ فَبُهِتَ الَّذِي كَفَرَ ۗ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ
তুমি সেইজন ব্যক্তিক দেখা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘মোৰ প্ৰতিপালক তেৱেঁই যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰো আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰোৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ গ’ল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
তাফছীৰ
হে নবী আপুনি সেই বিদ্ৰূহীৰ সাহসতকৈ অধিক আশ্চৰ্যজনক আন কোনো বস্তু দেখিছেনে, যিয়ে ইব্ৰাহীম আলাইহিছ ছালামৰ লগত আল্লাহৰ ৰূবুবিয়্যত আৰু তাওহীদ সম্পৰ্কে বিতৰ্ক কৰিছিল? এয়া এই কাৰণে হৈছিল যে, আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল যিটো পাই সি বিদ্ৰোহ হৈ গৈছিল। ইব্ৰাহীমে তেওঁৰ প্ৰতিপালকৰ বৈশিষ্ট্য বৰ্ণনা কৰি কলেঃ মোৰ প্ৰতিপালক সেইজন যিয়ে প্ৰাণীক জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বিদ্ৰোহীয়ে অহংকাৰ কৰি কলেঃ ময়ো জীৱন দান কৰিব পাৰো আৰু ময়ো মৃত্যু প্ৰদান কৰিব পাৰো। মই যাক ইচ্ছা হত্যা কৰিব পাৰো আৰু যাক ইচ্ছা এৰি দিব পাৰো। তেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে ইয়াতকৈ ডাঙৰ প্ৰমাণ এটা দাঙি ধৰি কলেঃ মই যি প্ৰতিপালকৰ ইবাদত কৰো তেওঁ পূৱৰ পৰা সূৰ্যোদয় কৰে, এতেকে তুমি পশ্চিমৰ পৰা উদয় কৰি দেখুৱা। এই শুনি বিদ্ৰোহীয়ে তথমথ খালে আৰু ক্লান্ত হৈ পৰাজিত হল। আল্লাহে অন্যায়কাৰীসকলক অত্যাচাৰ আৰু বিদ্ৰোহৰ কাৰণে তেওঁৰ পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক