ছূৰা 2 · জুজ 1

Al-Baqarah · 2:25

وَبَشِّرِ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أَنَّ لَهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ كُلَّمَا رُزِقُوا مِنْهَا مِنْ ثَمَرَةٍ رِزْقًا ۙ قَالُوا هَٰذَا الَّذِي رُزِقْنَا مِنْ قَبْلُ ۖ وَأُتُوا بِهِ مُتَشَابِهًا ۖ وَلَهُمْ فِيهَا أَزْوَاجٌ مُطَهَّرَةٌ ۖ وَهُمْ فِيهَا خَالِدُونَ

আৰু যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে তেওঁলোকক সুসংবাদ দিয়া যে, তেওলোকৰ বাবে আছে জান্নাত, যাৰ তলেদি নদী প্ৰবাহিত হয়, যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ইতিপুৰ্বে আমাক এই ধৰণৰ ফল খাবলৈ দিয়া হৈছিল, কাৰণ তেওঁলোকক ফলমূল সাদৃশ্যপূৰ্ণ কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা-সঙ্গিনী, আৰু তাত তেওঁলোক চিৰকাল থাকিব।

তাফছীৰ

যিহেতু পূৰ্বৱৰ্তী সতৰ্কবাণী কাফিৰসকলৰ বাবে আছিল। সেয়ে হে নবী! আপুনি আল্লাহৰ প্ৰতি বিশ্বাসী নেক আমলকাৰী মুমিনসকলক আনন্দৰ সংবাদ দিয়ক। তেওঁলোকক সেই জান্নাতৰ সুসংবাদ দিয়ক যাৰ বৃক্ষ আৰু অট্টালিকাৰ তলত নদীসমূহ প্ৰবাহিত হব। যেতিয়াই তেওঁলোকক সেই জান্নাতৰ ফলমূল খাবলৈ দিয়া হব, পৃথিৱীৰ ফলৰ লগত সাদৃশ্য হোৱাৰ কাৰণে তেওঁলোকে কব, এইটো দেখুন তেনেকুৱাই ফল যিটো ইয়াৰ পূৰ্বে আমাক দিয়া হৈছিল। দৰাচলতে তেওঁলোকক সমআকৃতি আৰু সমনামী ফল এই কাৰণেই দিয়া হব যাতে তেওঁলোক অতিসোনকালে সেইপিনে আকৰ্ষিত হয়। কিন্তু সোৱাদ আৰু জুতি হব বেলেগ। তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা স্ত্ৰী থাকিব যিসকল সেই সকলো ঘৃণনীয় দোষৰ পৰা পৱিত্ৰ হব যিবোৰ মানুহে বেয়া পায়। তেওঁলোক চিৰস্থায়ী নিয়ামতৰ মাজত অৱস্থান কৰিব, যি নিয়ামত কেতিয়াও শেষ নহব। যিদৰে পৃথিৱীৰ ভোগ-বিলাস সমাপ্ত হৈ যায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক