ছূৰা 2 · জুজ 2

Al-Baqarah · 2:225

لَا يُؤَاخِذُكُمُ اللَّهُ بِاللَّغْوِ فِي أَيْمَانِكُمْ وَلَٰكِنْ يُؤَاخِذُكُمْ بِمَا كَسَبَتْ قُلُوبُكُمْ ۗ وَاللَّهُ غَفُورٌ حَلِيمٌ

তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকক সোধ-পোচ নকৰিব; কিন্তু তেওঁ সেইবোৰ শপতৰ বিষয়ে সোধ-পোচ কৰিব, যিবোৰ তোমালোকৰ অন্তৰে সংকল্পবদ্ধভাৱে অৰ্জন কৰিছে, আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।

তাফছীৰ

আল্লাহে তোমালোকৰ অনিচ্ছাকৃত শপত সম্পৰ্কে সোধ-পোচ নকৰিব। যেনে- কথায় কথায় কোনোবাই কয়ঃ আল্লাহৰ শপত! এইটো এনেকুৱা নহয়। আল্লাহৰ শপত! এয়া সত্য। এনেকুৱা শপতৰ বাবে কোনো কাফফাৰাও দিব নালাগে আৰু কোনো শাস্তিও নাই। কিন্তু সেইসমূহ শপতৰ বিষয়ে নিশ্চয় সোধ-পোচ কৰিব যিবোৰ তোমালোকে স্ব-ইচ্ছাই খাইছিলা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ গুনাহৰ প্ৰতি ক্ষমাশীল। আৰু তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক