ছূৰা 2 · জুজ 2
Al-Baqarah · 2:224
وَلَا تَجْعَلُوا اللَّهَ عُرْضَةً لِأَيْمَانِكُمْ أَنْ تَبَرُّوا وَتَتَّقُوا وَتُصْلِحُوا بَيْنَ النَّاسِ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ
তোমালোকে সৎকৰ্ম আৰু তাক্বৱা আৰু মানুহৰ মাজত শান্তি স্থাপনৰ পৰা বিৰত থকাৰ বাবে আল্লাহৰ নামৰ শপতক প্ৰতিবন্ধক হিচাপে ব্যৱহাৰ নকৰিবা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
তাফছীৰ
আল্লাহৰ শপতক সত্কৰ্ম, তাক্বৱা আৰু মানুহৰ মাজত মীমাংসা নকৰাৰ বাহানা কৰি প্ৰতিৰোধ হিচাপে ব্যৱহাৰ নকৰিবা, বৰং যেতিয়া সত্কৰ্ম নকৰাৰ শপত খোৱা তেতিয়া সত্কৰ্ম কৰা আৰু নিজৰ শপতৰ কাফফাৰা আদায় কৰা। নিশ্চয় আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সবিশেষ অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক