ছূৰা 2 · জুজ 2

Al-Baqarah · 2:218

إِنَّ الَّذِينَ آمَنُوا وَالَّذِينَ هَاجَرُوا وَجَاهَدُوا فِي سَبِيلِ اللَّهِ أُولَٰئِكَ يَرْجُونَ رَحْمَتَ اللَّهِ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ

নিশ্চয় যিসকলে ঈমান আনিছে আৰু যিসকলে হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকেই আল্লাহৰ ৰহমত কামনা কৰে; আৰু আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

তাফছীৰ

নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে লগতে যিসকলে নিজৰ ঘৰ-দুৱাৰ ত্যাগ কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে হিজৰত কৰিছে তথা আল্লাহৰ কলিমা উত্তোলন কৰিবলৈ জিহাদ কৰিছে। প্ৰকৃততে তেওঁলোকেই আল্লাহৰ ৰহমত আৰু তেওঁৰ মাগফিৰাতৰ আশা পোষণ কৰে। আৰু আল্লাহে তেওঁৰ বান্দাসকলৰ গুনাহ ক্ষমা কৰে আৰু সিহঁতৰ প্ৰতি কৃপা কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক