ছূৰা 2 · জুজ 2

Al-Baqarah · 2:217

يَسْأَلُونَكَ عَنِ الشَّهْرِ الْحَرَامِ قِتَالٍ فِيهِ ۖ قُلْ قِتَالٌ فِيهِ كَبِيرٌ ۖ وَصَدٌّ عَنْ سَبِيلِ اللَّهِ وَكُفْرٌ بِهِ وَالْمَسْجِدِ الْحَرَامِ وَإِخْرَاجُ أَهْلِهِ مِنْهُ أَكْبَرُ عِنْدَ اللَّهِ ۚ وَالْفِتْنَةُ أَكْبَرُ مِنَ الْقَتْلِ ۗ وَلَا يَزَالُونَ يُقَاتِلُونَكُمْ حَتَّىٰ يَرُدُّوكُمْ عَنْ دِينِكُمْ إِنِ اسْتَطَاعُوا ۚ وَمَنْ يَرْتَدِدْ مِنْكُمْ عَنْ دِينِهِ فَيَمُتْ وَهُوَ كَافِرٌ فَأُولَٰئِكَ حَبِطَتْ أَعْمَالُهُمْ فِي الدُّنْيَا وَالْآخِرَةِ ۖ وَأُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ

পৱিত্ৰ মাহত যুদ্ধ কৰা সম্পৰ্কে মানুহে তোমাক প্ৰশ্ন কৰে; কোৱা, ‘এনে মাহত যুদ্ধ কৰা কঠিন অপৰাধ। কিন্তু আল্লাহৰ পথত বাধা প্ৰদান কৰা, আল্লাহৰ লগত কুফৰী কৰা, মছজিদুল হাৰামত বাধা দিয়া আৰু ইয়াৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰা আল্লাহৰ ওচৰত তাতোকৈ বেছি অপৰাধ; আৰু ফিতনা হত্যা কৰাতকৈও কঠিন অপৰাধ। (জানি থোৱা) সিহঁত সদায় তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰি যাব, যেতিয়া লৈকে তোমালোকক তোমালোকৰ দ্বীনৰ পৰা ঘূৰাই নলয়, যদি সিহঁত সক্ষম হয়। আৰু তোমালোকৰ মাজৰ পৰা যিয়ে নিজৰ দ্বীনৰ পৰা উভতি যাব আৰু কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিব তেন্তে পৃথিৱী আৰু আখিৰাতত সিহঁতৰ আমলসমূহ নিষ্ফল হৈ যাব; আৰু সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব’।

তাফছীৰ

হে নবী! মানুহে আপোনাক সন্মানিত মাহবোৰ অৰ্থাৎ জুলকাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত যুদ্ধ কৰাৰ বিধান সম্পৰ্কে প্ৰশ্ন কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, এই মাহবোৰত যুদ্ধ কৰা আল্লাহৰ দৃষ্টিত বৰ অপছন্দনীয়। ঠিক সেইদৰে যিদৰে মুশ্বৰিকসকলৰ আল্লাহৰ পথত বাধা প্ৰদান কৰা কাৰ্য অপছন্দনীয়। লগতে মুমিনসকলক মছজিদে হাৰামত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰা, মছজিদে হাৰামৰ অধিবাসীসকলক তাৰ পৰা বহিষ্কাৰ কৰা, আল্লাহৰ দৃষ্টিত সন্মানিত মাহত যুদ্ধ কৰাতকৈও অধিক ডাঙৰ পাপ। তথা শ্বিৰ্ক যিটোত সিহঁতে লিপ্ত হৈ আছে সেয়া হত্যাতকৈও ডাঙৰ গুনাহ। হে মুমিনসকল! মুশ্বৰিকসকল সদায় অন্যায়-অত্যাচাৰত বৰ্তি হৈ থাকিব আৰু তোমালোকৰ লগত যুদ্ধ কৰি থাকিব, আনকি সম্ভৱ হলে তোমালোকক সত্য ধৰ্মৰ পৰা আঁতৰাই সিহঁতৰ অসত্য ধৰ্মৰ পিনে উভতাই নিব। এতেকে তোমালোকৰ মাজৰ যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰিব আৰু সেই কুফৰ অৱস্থাতে মৃত্যুবৰণ কৰিব তেন্তে তাৰ সকলো নেক আমল অথলে যাব আৰু অৱশেষত সি জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত সি চিৰকাল থাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক