ছূৰা 2 · জুজ 2
Al-Baqarah · 2:176
ذَٰلِكَ بِأَنَّ اللَّهَ نَزَّلَ الْكِتَابَ بِالْحَقِّ ۗ وَإِنَّ الَّذِينَ اخْتَلَفُوا فِي الْكِتَابِ لَفِي شِقَاقٍ بَعِيدٍ
এয়া এই বাবেই যে, আল্লাহে সত্যসহ কিতাব অৱতীৰ্ণ কৰিছে আৰু যিসকলে কিতাব সম্বন্ধে মতভেদ সৃষ্টি কৰিছে, সিহঁত নিশ্চয় সুদূৰ মতানৈক্যত লিপ্ত।
তাফছীৰ
জ্ঞান তথা হিদায়ত গোপন কৰাৰ এই শাস্তি এই কাৰণেই যে, আল্লাহে তেওঁৰ পুথি সত্য সহকাৰে অৱতীৰ্ণ কৰিছিল আৰু ইয়াৰ দাবী আছিল, ইয়াক গোপন কৰাৰ পৰিবৰ্তে স্পষ্টভাৱে প্ৰকাশ কৰা। কিন্তু সিহঁতে এনেকুৱা কৰা নাছিল। যিসকলে ঐশী পুথিসমূহক লৈ মতানৈক্য কৰিছে, ইয়াৰ কিছু অংশক মানিছে আৰু কিছু অংশক গোপন কৰিছে; দৰাচলতে সিহঁতে সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক