ছূৰা 2 · জুজ 2
Al-Baqarah · 2:174
إِنَّ الَّذِينَ يَكْتُمُونَ مَا أَنْزَلَ اللَّهُ مِنَ الْكِتَابِ وَيَشْتَرُونَ بِهِ ثَمَنًا قَلِيلًا ۙ أُولَٰئِكَ مَا يَأْكُلُونَ فِي بُطُونِهِمْ إِلَّا النَّارَ وَلَا يُكَلِّمُهُمُ اللَّهُ يَوْمَ الْقِيَامَةِ وَلَا يُزَكِّيهِمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা কিতাবৰ পৰা কিছু কথা গোপন কৰে আৰু ইয়াৰ বিনিময়ত সামান্য মূল্য গ্ৰহণ কৰে, সিহঁতে সিহঁতৰ পেটত জুইৰ বাহিৰে আন একো নাখায়। কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নকব আৰু সিহঁতক পৱিত্ৰও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহে অৱতীৰ্ণ কৰা পুথি, তাৰ মাজত থকা সত্যৰ সন্ধান আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতক অস্বীকাৰ কৰে, লগতে সিহঁতৰ এই কামৰ বিনিময় হিচাপে ৰাজত্ব, পদ আৰু সম্পদ আদি তুচ্ছ মূল্য গ্ৰহণ কৰে, যেনে ইয়াহুদী আৰু খৃষ্টানসকলৰ আচৰণ আছিল। সিহঁতে নিজৰ পেটত যি ভৰাই আছে সেয়া জাহান্নামৰ শাস্তিৰ কাৰণ হব। আল্লাহে সিহঁতৰ লগত এনেকুৱা কোনো কথা নকব যিটো সিহঁতে ভালপায় বৰং এনেকুৱা কথা কব যিটো সিহঁতৰ বেয়া লাগে। সিহঁতক পৱিত্ৰও নকৰিব আৰু সিহঁতৰ প্ৰশংসাও কৰা নহব। লগতে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক