ছূৰা 2 · জুজ 2
Al-Baqarah · 2:170
وَإِذَا قِيلَ لَهُمُ اتَّبِعُوا مَا أَنْزَلَ اللَّهُ قَالُوا بَلْ نَتَّبِعُ مَا أَلْفَيْنَا عَلَيْهِ آبَاءَنَا ۗ أَوَلَوْ كَانَ آبَاؤُهُمْ لَا يَعْقِلُونَ شَيْئًا وَلَا يَهْتَدُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া তোমালোকে অনুসৰণ কৰা’, (তেতিয়া) সিহঁতে কয়, ‘নহয়, বৰং আমি অনুসৰণ কৰিম সেইটোৰ, যিটোৰ ওপৰত আমি আমাৰ পিতৃ পুৰুষসকলক পাইছো’। যদিও সিহঁতৰ পিতৃ-পুৰুষসকলে একো বুজা নাছিল আৰু সিহঁত সৎপথতো পৰিচালিত নাছিল, (তথাপিও সিহঁতে তাৰেই অনুসৰণ কৰিব নে?)
তাফছীৰ
যেতিয়া এই কাফিৰসকলক কোৱা হয় যে, আল্লাহে অৱতীৰ্ণ কৰা হিদায়ত আৰু জ্যোতিৰ অনুসৰণ কৰা, তেতিয়া সিহঁতে অহংকাৰ কৰি কয়ঃ “আমি সেইসমূহ আস্থা আৰু ৰীতি-নীতিৰ অনুসৰণ কৰিম যিটোৰ ওপৰত আমি আমাৰ পূৰ্বপুৰুষসকলক পাইছো”। যদিও সিহঁতৰ পূৰ্বপুৰুষ সকলে হিদায়ত আৰু নূৰ বুজি পোৱা নাছিল লগতে সেই সত্যৰ পথো পোৱা নাছিল যিটোক আল্লাহে পছন্দ কৰে তথাপিও এইসকল লোকে সিহঁতৰেই অনুসৰণ কৰিবনে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক