ছূৰা 2 · জুজ 2
Al-Baqarah · 2:169
إِنَّمَا يَأْمُرُكُمْ بِالسُّوءِ وَالْفَحْشَاءِ وَأَنْ تَقُولُوا عَلَى اللَّهِ مَا لَا تَعْلَمُونَ
নিশ্চয় সি তোমালোকক কেৱল বেয়া আৰু অশ্লীল কামৰ আদেশ দিয়ে আৰু আল্লাহ সম্পৰ্কে এনেবোৰ বিষয় কোৱাৰ (আদেশ দিয়ে) যিটো তোমালোকে নাজানা।
তাফছীৰ
সি তোমালোকক ঘৃণনীয় পাপ কৰ্ম আৰু ডাঙৰ ডাঙৰ গুনাহৰ আদেশ দিয়ে, লগতে সি তোমালোকক এই প্ৰেৰণাও যোগায় যে, তোমালোকে যাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা পোৱা জ্ঞান অবিহনে আক্বীদাহ আৰু চৰীয়ত সম্পৰ্কে কথা কোৱা তথা আল্লাহৰ ওপৰত মিছা আৰোপ কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক