ছূৰা 2 · জুজ 2

Al-Baqarah · 2:165

وَمِنَ النَّاسِ مَنْ يَتَّخِذُ مِنْ دُونِ اللَّهِ أَنْدَادًا يُحِبُّونَهُمْ كَحُبِّ اللَّهِ ۖ وَالَّذِينَ آمَنُوا أَشَدُّ حُبًّا لِلَّهِ ۗ وَلَوْ يَرَى الَّذِينَ ظَلَمُوا إِذْ يَرَوْنَ الْعَذَابَ أَنَّ الْقُوَّةَ لِلَّهِ جَمِيعًا وَأَنَّ اللَّهَ شَدِيدُ الْعَذَابِ

আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে, যিসকলে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষৰূপে গ্ৰহণ কৰে, সিহঁতে সিহঁতক আল্লাহৰ দৰেই ভাল পায়; আনহাতে যিসকলে ঈমান আনিছে সিহঁতে আল্লাহক সৰ্বাধিক ভাল পায়; আৰু যিসকলে অন্যায় কৰিছে সিহঁতে যদি আযাব দেখিবলৈ পালেহেঁতেন (তেন্তে সিহঁত নিশ্চিত হ’লেহেঁতেন যে,) নিশ্চয় সকলো শক্তি আল্লাহৰেই; আৰু নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

তাফছীৰ

এই স্পষ্ট প্ৰমাণসমূহ আৰু নিদৰ্শনসমূহৰ পিছতো কিছুমান মানুহ এনেকুৱা আছে, যিসকলে আনক আল্লাহৰ সমকক্ষ আৰু সমতুল্য কৰি লয়। আৰু সিহঁতৰ লগতো তেনেকুৱাই মুহাব্বত কৰে যেনেকুৱা মুহাব্বত আল্লাহৰ লগত কৰে। আনহাতে এই অসত্য উপাস্যবোৰক ইহঁতে যিমান ভালপায় তাতোকৈ অধিক ঈমান্দাৰসকলে আল্লাহক ভালপায়। কিয়নো তেওঁলোকে কাকো আল্লাহৰ সমকক্ষ নকৰে। লগতে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহক ভালপায়। আনহাতে অসত্য উপাস্যবোৰৰ পূজাৰীসকলে কেৱল সুখৰ সময়ত সিহঁতক ভালপায় আৰু দুখৰ সময়ত কেৱল আল্লাহৰ ওচৰতহে প্ৰাৰ্থনা কৰে। শ্বিৰ্ক আৰু গুনাহত লিপ্ত যালিমসকলে আখিৰাতত শাস্তি দেখি সিহঁতৰ যি অৱস্থা হব সেয়া যদি আজি দেখিলেহেঁতেন তেন্তে বিশ্বাস কৰিলেহেঁতেন যে, বিশ্বজগতত কেৱল আল্লাহেই সৰ্বশক্তিমান। নিশ্চয় তেওঁ পাপিষ্ঠসকলক অতি কঠোৰ শাস্তি প্ৰদান কৰিব। যদি সিহঁতে সেই অৱস্থা দেখিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত অংশী স্থাপন নকৰিলেহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক