ছূৰা 2 · জুজ 2

Al-Baqarah · 2:164

إِنَّ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ وَاخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَالْفُلْكِ الَّتِي تَجْرِي فِي الْبَحْرِ بِمَا يَنْفَعُ النَّاسَ وَمَا أَنْزَلَ اللَّهُ مِنَ السَّمَاءِ مِنْ مَاءٍ فَأَحْيَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا وَبَثَّ فِيهَا مِنْ كُلِّ دَابَّةٍ وَتَصْرِيفِ الرِّيَاحِ وَالسَّحَابِ الْمُسَخَّرِ بَيْنَ السَّمَاءِ وَالْأَرْضِ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ

নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত, ৰাতি আৰু দিনৰ পৰিবৰ্তনত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলা জাহাজত আৰু আকাশৰ পৰা আল্লাহে যি বৰষুণ বৰ্ষাইছে যাৰ ফলত ভূ-পৃষ্ঠক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিছে, তাৰ মাজত প্ৰসাৰিত কৰিছে সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণী আৰু বতাহৰ দিশ পৰিবৰ্তনত লগতে আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাত বিবেকবান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।

তাফছীৰ

নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত আৰু এই দুয়োৰ মাজত থকা অদ্ভূত সৃষ্টিৰ মাজত লগতে দিন ৰাতিৰ আৱৰ্তনত আৰু খাদ্য, বস্ত্ৰ আৰু ব্যৱসায়-বাণিজ্যৰ পণ্য আদি মানুহৰ লাগতীয়াল বস্তু লৈ সাগৰত চলাচল কৰা জাহাজৰ মাজত আৰু আল্লাহে আকাশৰ পৰা অৱতীৰ্ণ কৰা পানীৰ মাজত, যাৰ দ্বাৰা আল্লাহে পৃথিৱীক সজীৱ কৰি তোলে আৰু যাৰ দ্বাৰা উত্পাদন হয় শস্য আৰু ঘাঁহ-বন লগতে পৃথিৱীত বসবাস কৰা বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ মাজত আৰু বতাহক ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাই দিয়াৰ মাজত আৰু আকাশত উৰি ফুৰা মেঘৰ মাজত, এই সকলোবোৰৰ মাজত আছে আল্লাহৰ একত্ববাদৰ স্পষ্ট প্ৰমাণ। সেই ব্যক্তিৰ বাবে যিয়ে প্ৰমাণ বুজি পায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক