ছূৰা 2 · জুজ 2

Al-Baqarah · 2:155

وَلَنَبْلُوَنَّكُمْ بِشَيْءٍ مِنَ الْخَوْفِ وَالْجُوعِ وَنَقْصٍ مِنَ الْأَمْوَالِ وَالْأَنْفُسِ وَالثَّمَرَاتِ ۗ وَبَشِّرِ الصَّابِرِينَ

আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়ক্ষতিৰ দ্বাৰা; আৰু তুমি ধৈৰ্যশীলসকলক সুসংবাদ দিয়া--

তাফছীৰ

আমি তোমালোকক অৱশ্যে বিভিন্ন প্ৰকাৰৰ বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰিম। কেতিয়াবা শত্ৰুৰ ভয় আকৌ কেতিয়াবা খাদ্য বস্তুৰ অনাটনৰ বাবে ভোকৰ জৰিয়তে, কেতিয়াবা ধন-সম্পত্তিত ক্ষয়-ক্ষতি আকৌ কেতিয়াবা সেয়া অৰ্জনত বাধাৰ জৰিয়তে পৰীক্ষা কৰা হব। কেতিয়াবা বিপদ-আপদত জীৱন ধ্বংস অথবা আল্লাহৰ পথত শ্বহীদ হোৱাৰ ফলত প্ৰাণ হেৰুৱাৰ দ্বাৰা পৰীক্ষা কৰা হব। আকৌ কেতিয়াবা ভূমিজাত শস্যৰ উত্পাদনত হ্ৰাস পাব। এতেকে হে নবী! এনেকুৱা বিপদত ধৈৰ্য ধাৰণকাৰী সকলক পৃথিৱী আৰু আখিৰাতত আনন্দৰ সুসংবাদ দিয়ক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক