ছূৰা 2 · জুজ 1

Al-Baqarah · 2:122

يَا بَنِي إِسْرَائِيلَ اذْكُرُوا نِعْمَتِيَ الَّتِي أَنْعَمْتُ عَلَيْكُمْ وَأَنِّي فَضَّلْتُكُمْ عَلَى الْعَالَمِينَ

হে বানী ইছৰাঈল! মোৰ সেই অনুগ্ৰহৰ কথা স্মৰণ কৰা, যিবোৰ মই তোমালোকক প্ৰদান কৰিছিলো; আৰু নিশ্চয় মই তোমালোকক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছিলো (সেই সময়ৰ) সকলো জাতিৰ ওপৰত।

তাফছীৰ

হে বনী ইছৰাঈল! মই প্ৰদান কৰা দ্বীনি আৰু দুনিয়াৱী অনুগ্ৰহসমূহক স্মৰণ কৰা। লগতে এই কথাও স্মৰণ কৰা যে, ময়ে তোমালোকক সমকালীন লোকৰ ওপৰত নুবুওৱত আৰু ৰাজত্বৰ দ্বাৰা প্ৰাধান্য প্ৰদান কৰিছিলো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক