ছূৰা 2 · জুজ 1
Al-Baqarah · 2:121
الَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَتْلُونَهُ حَقَّ تِلَاوَتِهِ أُولَٰئِكَ يُؤْمِنُونَ بِهِ ۗ وَمَنْ يَكْفُرْ بِهِ فَأُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলক আমি কিতাব প্ৰদান কৰিছো, সিহঁতৰ মাজত যিসকলে যথাযথভাৱে সেয়া তিলাৱত কৰে, সিহঁতে সেয়া বিশ্বাস কৰে; আৰু যিসকলে সেয়া অস্বীকাৰ কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত।
তাফছীৰ
ইয়াত কোৰআনে আহলে কিতাবৰ এটা দলৰ কথা বৰ্ণনা কৰিছে, যিসকলে নিজৰ ঐশীপুথিৰ ওপৰত আমল কৰে আৰু যিদৰে অনুসৰণ কৰা উচিত সেইদৰেই অনুসৰণ কৰে। এইসকল লোকে তেওঁলোকৰ পুথিত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যে সত্য নবী তাৰ স্পষ্ট নিদৰ্শনসমূহ পঢ়িবলৈ পায়। ফলত তেওঁলোকে তত্ক্ষণাত ঈমান আনে। আনহাতে দ্বিতীয় দল, যিসকলে কুফৰত অটল আছিল সিহঁত ক্ষতিগ্ৰস্থ হল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক