ছূৰা 2 · জুজ 1
Al-Baqarah · 2:11
وَإِذَا قِيلَ لَهُمْ لَا تُفْسِدُوا فِي الْأَرْضِ قَالُوا إِنَّمَا نَحْنُ مُصْلِحُونَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, 'তোমালোকে পৃথিৱীত ফাছাদ (বিপৰ্যয়) সৃষ্টি নকৰিবা', সিহঁতে কয়, 'আমিহে কেৱল সংশোধনকাৰী'।
তাফছীৰ
যেতিয়া সিহঁতক কুফৰ আৰু পাপকৰ্মৰ দ্বাৰা পৃথিৱীত উপদ্ৰৱ কৰিবলৈ নিষেধ কৰা হয় তেতিয়া সিহঁতে সেয়া মানিবলৈ অস্বীকাৰ কৰে আৰু সিহঁতে ভাৱে যে কেৱল সিহঁতেই সংশোধনকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক