ছূৰা 2 · জুজ 1

Al-Baqarah · 2:108

أَمْ تُرِيدُونَ أَنْ تَسْأَلُوا رَسُولَكُمْ كَمَا سُئِلَ مُوسَىٰ مِنْ قَبْلُ ۗ وَمَنْ يَتَبَدَّلِ الْكُفْرَ بِالْإِيمَانِ فَقَدْ ضَلَّ سَوَاءَ السَّبِيلِ

তোমালোকে তোমালোকৰ ৰাছুলক এনেকুৱা প্ৰশ্ন কৰিব বিচৰা নেকি যেনেকুৱা প্ৰশ্ন ইয়াৰ পূৰ্বে মূছাক কৰা হৈছিল? আৰু যিয়ে ঈমানক কুফৰত পৰিবৰ্তন কৰে, নিশ্চিয় সি পোন পথ হেৰুৱায়।

তাফছীৰ

হে মুমিনসকল! অভিমান আৰু অহংকাৰ কৰি নিজ ৰাছুলৰ কথাত অভিযোগ উত্থাপন কৰাটো তোমালোকৰ শোভা নাপায়, ইতিপূৰ্বে যিদৰে মূছা আলাইহিছ ছালামৰ সম্প্ৰদায়ে তেওঁক কৰিছিল। যেনে- সিহঁতে কৈছিলঃ আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা। (আন-নিছাঃ ১৫৩) আৰু যিয়ে ঈমানৰ পৰিবৰ্তে কুফৰী অৱলম্বন কৰিব সি মধ্যম পন্থা অৰ্থাৎ পোন পথৰ পৰা আঁতৰি যাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক