ছূৰা 2 · জুজ 1

Al-Baqarah · 2:107

أَلَمْ تَعْلَمْ أَنَّ اللَّهَ لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۗ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ

তুমি নাজানা নে যে, আকামণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰ? আৰু আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।

তাফছীৰ

হে নবী! আপুনি জানেই যে, নিশ্চয় আল্লাহ আকাশমণ্ডল আৰু পৃথিৱীৰ মালিক। তেওঁ যি বিচাৰে সেইটোৱে ফয়চালা কৰে। এতেকে তেওঁ যি বিচাৰে সেই কামৰে বান্দাসকলক আদেশ দিয়ে আৰু যিটো ইচ্ছা কৰে সেইটোৱে নিষেধ কৰে। চৰীয়তৰ যিটো বিধান ইচ্ছা কৰে বলৱৎ কৰে আৰু যিটো ইচ্ছা কৰে ৰহিত কৰে। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই যিয়ে তোমালোকৰ দায়িত্ব গ্ৰহণ কৰিব। আৰু তোমালোকৰ কোনো সহায়কো নাই যিয়ে তোমালোকৰ বিপদ দূৰ কৰিব। বৰং এই সকলো কৰ্মৰ মালিক আৰু একমাত্ৰ ক্ষমতাৱান কেৱল আল্লাহ তাআলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক

Al-Baqarah 2:107 · Tlawati