ছূৰা 18 · জুজ 15

Al-Kahf · 18:9

أَمْ حَسِبْتَ أَنَّ أَصْحَابَ الْكَهْفِ وَالرَّقِيمِ كَانُوا مِنْ آيَاتِنَا عَجَبًا

তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভাবা নেকি?

তাফছীৰ

হে ৰাছুল! আপুনি আচহাবে কাহাফৰ ঘটনা আৰু তেওঁলোকৰ সেই ফলকখন, য’ত তেওঁলোকৰ নামসমূহ লিখা আছিল সেইবোৰক আমাৰ আচৰিত নিদৰ্শন বুলি গণ্য নকৰিব। বৰং ইয়াতকৈও আশ্চৰ্যজনক বস্তু আছে, যেনেঃ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক