ছূৰা 18 · জুজ 15

Opening of Al-Kahf · Al-Kahf 18:10

إِذْ أَوَى الْفِتْيَةُ إِلَى الْكَهْفِ فَقَالُوا رَبَّنَا آتِنَا مِنْ لَدُنْكَ رَحْمَةً وَهَيِّئْ لَنَا مِنْ أَمْرِنَا رَشَدًا

যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া সিহঁতে কৈছিল, ‘হে আমাৰ ৰব! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কাজকৰ্ম সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’।

তাফছীৰ

হে ৰাছুল! স্মৰণ কৰক, যেতিয়া কেইজনমান যুৱকে নিজৰ দ্বীন সম্পৰ্কে শংকিত হৈ গুফাত আশ্ৰয় লোৱাৰ বাবে পলায়ন কৰিছিল। তেওঁলোকে প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ প্ৰতি এনেকৈ দয়া কৰা যাতে আমাৰ সকলো গুনাহ ক্ষমা কৰি দিয়া, আৰু আমাৰ শত্ৰুৰ পৰা ৰক্ষা কৰা, কাফিৰৰ পৰা হিজৰত কৰাৰ তাওফীক দিয়া, লগতে ঈমানৰ ক্ষেত্ৰত তুমি আমাক সঠিক আৰু পোন পথ দেখুৱাই দিয়া।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক