ছূৰা 18 · জুজ 15

Al-Kahf · 18:58

وَرَبُّكَ الْغَفُورُ ذُو الرَّحْمَةِ ۖ لَوْ يُؤَاخِذُهُمْ بِمَا كَسَبُوا لَعَجَّلَ لَهُمُ الْعَذَابَ ۚ بَلْ لَهُمْ مَوْعِدٌ لَنْ يَجِدُوا مِنْ دُونِهِ مَوْئِلًا

আৰু তোমাৰ ৰব পৰম ক্ষমাশীল, দয়ালু। সিহঁতৰ কৃতকৰ্মৰ বাবে যদি তেওঁ সিহঁতক ধৰিলেহেঁতেন, তেন্তে তেওঁ অৱশ্যে সিহঁতক অতি সোনকালে শাস্তি বিহিলেহেঁতেন; কিন্তু সিহঁতৰ বাবে আছে এটা প্ৰতিশ্ৰুত মুহূৰ্ত, যিটোৰ পৰা সিহঁত কেতিয়াও কোনো আশ্ৰয়স্থল নাপাব।

তাফছীৰ

যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অস্বীকাৰকাৰীসকলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, সেইকাৰণে আল্লাহে কৈছেঃ হে ৰাছুল! আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁ অতি দয়ালু, তেওঁৰ দয়া প্ৰত্যেক বস্তুকে আৱৰি আছে। এইটোও তেওঁৰ দয়া যে, তেওঁ পাপিষ্ঠসকলক অৱকাশ দিয়ে যাতে সিহঁতে তাওবা কৰে। যদি আল্লাহে এই অৱজ্ঞাকাৰীসকলক শাস্তি দিব বিচাৰিলেহেঁতেন তেন্তে অৱশ্যে এই পৃথিৱীতেই সিহঁতক শাস্তি প্ৰদান কৰিলেহেঁতেন। কিন্তু তেওঁ অতি সহনশীল তথা দয়ালু। তেওঁ সিহঁতৰ পৰা শাস্তিক পিচুৱাই দিছে যাতে সিহঁতে তাওবা কৰে। বৰং সিহঁতৰ বাবে স্থান আৰু সময় নিৰ্ধাৰণ কৰিছে, য’ত সিহঁতক কুফৰী আৰু অৱজ্ঞাৰ শাস্তি দিয়া হ’ব, যদি সিহঁতে তাওবা নকৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সুৰক্ষা প্ৰদানকাৰী নাই, য’ত সিহঁতে আশ্ৰয় লব পাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক