ছূৰা 18 · জুজ 15
Al-Kahf · 18:57
وَمَنْ أَظْلَمُ مِمَّنْ ذُكِّرَ بِآيَاتِ رَبِّهِ فَأَعْرَضَ عَنْهَا وَنَسِيَ مَا قَدَّمَتْ يَدَاهُ ۚ إِنَّا جَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَنْ يَفْقَهُوهُ وَفِي آذَانِهِمْ وَقْرًا ۖ وَإِنْ تَدْعُهُمْ إِلَى الْهُدَىٰ فَلَنْ يَهْتَدُوا إِذًا أَبَدًا
আৰু সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে, যাক তাৰ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিয়া হৈছে কিন্তু সি তাৰ পৰা বিমুখ হৈছে আৰু সি পাহৰি গৈছে তাৰ দুহাতে যি উপস্থিত কৰিছে? নিশ্চয় আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ দিছো যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা। তুমি সিহঁতক সৎপথত আহ্বান কৰিলেও সিহঁত কেতিয়া সৎপথত নাহিব।
তাফছীৰ
সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যাক নিজ প্ৰতিপালকৰ আয়াতৰ দ্বাৰা বুজোৱাৰ পিছতো সি শাস্তিক ভ্ৰূক্ষেপ নকৰে আৰু উপদেশ গ্ৰহণ নকৰে। পাৰ্থিৱ জীৱনত কৰা কুফৰী আৰু গুনাহক পাহৰি যায় তথা সেইবোৰৰ পৰা তাওবাও নকৰে। এনেকুৱা স্বভাৱৰ লোকৰ অন্তৰত আমি পৰ্দা আঁৰি দিছো, ফলত সিহঁতে কোৰআন বুজিব নোৱাৰে। লগতে সিহঁতৰ শ্ৰৱণশক্তি গধূৰ কৰি দিছো, ফলত সিহঁতে স্বীকাৰ কৰাৰ বাবে শুনিব নোৱাৰে। এতেকে আপুনি যদি সিহঁতক ঈমানৰ ফালে আহ্বান কৰে তেন্তে সিহঁতে তেতিয়ালৈকে এই আহ্বানত সঁহাৰি দিব নোৱাৰিব যেতিয়ালৈকে সিহঁতৰ অন্তৰত পৰ্দা থাকিব আৰু সিহঁতৰ কাণত গধূৰতা থাকিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক