ছূৰা 18 · জুজ 15

Al-Kahf · 18:37

قَالَ لَهُ صَاحِبُهُ وَهُوَ يُحَاوِرُهُ أَكَفَرْتَ بِالَّذِي خَلَقَكَ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ سَوَّاكَ رَجُلًا

ইয়াৰ উত্তৰত তাৰ বন্ধুজনে বিতৰ্কমূলক ভাৱে তাক ক’লে, ‘তুমি সেই সত্তাৰ লগত কুফৰী কৰিছা নেকি, যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীৰ্যৰ পৰা আৰু তাৰ পিছত তোমাক পুৰ্ণাংঙ্গ পুৰুষ আকৃতি দান কৰিছে’?

তাফছীৰ

মুমিন বন্ধুজনে তাক উত্তৰ দি ক'লেঃ তুমি সেই প্ৰতিপালকক অস্বীকাৰ কৰি বহিলা, যিয়ে তোমাৰ পিতৃ আদমক মাটিৰে সৃষ্টি কৰিছে, আৰু তোমাক সৃষ্টি কৰিছে বীৰ্যৰ পৰা, তাৰ পিছত তোমাক পুৰুষৰূপে মানৱ বনাইছে, তোমাৰ সকলো অঙ্গ-প্ৰত্যঙ্গ সঠিকভাৱে আৰু তোমাক পৰিপূৰ্ণৰূপে মানৱ বনাইছে? এতেকে যিয়ে এই সকলোবোৰ কৰিবলৈ সক্ষম, তেওঁ নিশ্চয় তোমাক পুনৰজীৱিত কৰিবলৈও সক্ষম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক