ছূৰা 18 · জুজ 15

Al-Kahf · 18:36

وَمَا أَظُنُّ السَّاعَةَ قَائِمَةً وَلَئِنْ رُدِدْتُ إِلَىٰ رَبِّي لَأَجِدَنَّ خَيْرًا مِنْهَا مُنْقَلَبًا

‘আৰু কিয়ামত সংঘটিত হ’ব বুলিও মোৰ ধাৰণা নহয়, আৰু মোক যদি মোৰ প্ৰতিপালকৰ ওচৰত উভতাই নিয়া হয়, তেন্তে নিশ্চয় মই ইয়াতকৈয়ো উৎকৃষ্ট প্ৰত্যাৱৰ্তন স্থল পাম’।

তাফছীৰ

আনকি মই কিয়ামত হ'ব বুলিও বিশ্বাস নকৰোঁ। এইটো হৈছে এক প্ৰকাৰ জীৱনচক্ৰ, যিটো সদায় চলি থাকিব। আনহাতে যদি কিয়ামত হয়ও তথাপিও যেতিয়া মই পুনৰ্জীৱিত হ'ম আৰু মোক মোৰ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰা হ'ব, সেই জীৱনতো মই ইয়াতকৈও উত্তম বাগান লাভ কৰিম। কিয়নো পৃথিৱীত ধনী হোৱাৰ অৰ্থ এই যে, আখিৰাততো মই ধনী হ'ম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক