ছূৰা 18 · জুজ 15
Al-Kahf · 18:32
۞ وَاضْرِبْ لَهُمْ مَثَلًا رَجُلَيْنِ جَعَلْنَا لِأَحَدِهِمَا جَنَّتَيْنِ مِنْ أَعْنَابٍ وَحَفَفْنَاهُمَا بِنَخْلٍ وَجَعَلْنَا بَيْنَهُمَا زَرْعًا
আৰু তুমি সিহঁতৰ বাবে এটা দৃষ্টান্ত দাঙি ধৰা, দুজন ব্যক্তি আছিল, সিহঁতৰ এজনক আমি প্ৰদান কৰিছিলো দুটা আঙুৰৰ বাগিচা আৰু দুয়োটাকে আমি খেজুৰ গছেৰে পৰিবেষ্টিত কৰিছিলো আৰু দুয়োটাৰে মধ্যৱৰ্তী স্থানক ৰাখিছিলো শস্যক্ষেত্ৰ।
তাফছীৰ
হে ৰাছুল! আপুনি সেই ব্যক্তিদ্বয়ৰ উদাহৰণ দাঙি ধৰক, এজন আছিল মুমিন আৰু আনজন আছিল কাফিৰ। আমি কাফিৰ ব্যক্তিজনক দুটা আঙুৰৰ বাগান প্ৰদান কৰিছিলোঁ। সেই দুয়োটা বাগানক আমি খেজুৰৰ গছেৰে পৰিবেষ্টন কৰি দিছিলোঁ আৰু মাজৰ খালি ঠাইত শস্য উৎপন্ন কৰিছিলোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক