ছূৰা 18 · জুজ 15

Al-Kahf · 18:31

أُولَٰئِكَ لَهُمْ جَنَّاتُ عَدْنٍ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِنْ ذَهَبٍ وَيَلْبَسُونَ ثِيَابًا خُضْرًا مِنْ سُنْدُسٍ وَإِسْتَبْرَقٍ مُتَّكِئِينَ فِيهَا عَلَى الْأَرَائِكِ ۚ نِعْمَ الثَّوَابُ وَحَسُنَتْ مُرْتَفَقًا

তেওঁলোকৰ বাবেই আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকক সোণৰ কংকনেৰে অলংকৃত কৰা হ’ব, তেওঁলোকে পৰিধান কৰিব সূক্ষ্ম আৰু মিহি ৰেছমৰ সেউজীয়া বস্ত্ৰ, আৰু তেওঁলোকে তাত সুসজ্জিত আসনত আউজি বহিব, কিমান যে ধুনীয়া পুৰষ্কাৰ আৰু উত্তম বিশ্ৰামস্থল!

তাফছীৰ

সৎকৰ্ম আৰু ঈমানৰ বিশেষণেৰে বিশেষিত লোকসকলৰ বাবেই জান্নাত প্ৰস্তুত কৰি ৰখা হৈছে, তাত তেওঁলোকে চিৰকাল অৱস্থান কৰিব। তেওঁলোকৰ অট্টালিকাৰ তলদেশত জান্নাতৰ মিঠা পানীৰ নিজৰা প্ৰবাহমান থাকিব। তেওঁলোকক সোণৰ কংকনেৰে সুসজ্জিত কৰা হ'ব, লগতে তেওঁলোকে তাত মোটা আৰু পাতল ৰেচমৰ দ্বাৰা নিৰ্মিত বস্ত্ৰ পৰিধান কৰিব। তেওঁলোকে অতি সৌন্দৰ্যশীল পৰ্দাৰে সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকৰ প্ৰতিফল, কিমান যে উত্তম প্ৰতিফল! আৰু তেওঁলোকৰ জান্নাতৰ সেই বাসস্থান কিমান যে উত্তম বাসস্থান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক