ছূৰা 18 · জুজ 15
Al-Kahf · 18:28
وَاصْبِرْ نَفْسَكَ مَعَ الَّذِينَ يَدْعُونَ رَبَّهُمْ بِالْغَدَاةِ وَالْعَشِيِّ يُرِيدُونَ وَجْهَهُ ۖ وَلَا تَعْدُ عَيْنَاكَ عَنْهُمْ تُرِيدُ زِينَةَ الْحَيَاةِ الدُّنْيَا ۖ وَلَا تُطِعْ مَنْ أَغْفَلْنَا قَلْبَهُ عَنْ ذِكْرِنَا وَاتَّبَعَ هَوَاهُ وَكَانَ أَمْرُهُ فُرُطًا
আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখিবা তেওঁলোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।
তাফছীৰ
আপুনি সেইসকল লোকৰ সংস্পৰ্শত থাকক যিসকলে নিষ্ঠাপূৰ্বকভাৱে পুৱা গধূলি নিজ প্ৰতিপালকক আহ্বান কৰে, ইবাদত কৰাৰ বাবে অথবা প্ৰাৰ্থনা কৰাৰ বাবে। আপুনি নেতৃস্থানীয় আৰু ঐশৰ্যশীল ব্যক্তিসকলৰ বৈঠকত বহাৰ ইচ্ছাত এই লোকসকলক অৱহেলা নকৰিব। আপুনি সেইসকল লোকৰ অনুসৰণ নকৰিব যিসকলৰ অন্তৰত আমি মোহৰ লগাই আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো। সেই কাৰণেই সিহঁতে আপোনাক আপোনাৰ বৈঠকৰ পৰা দৰিদ্ৰসকলক আঁতৰাই ৰখাৰ নিৰ্দেশ দিয়ে আৰু সিহঁতে নিজ প্ৰতিপালকৰ আনুগত্যৰ ওপৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণক প্ৰাধান্য দিয়ে। সিহঁতৰ আমল বিনষ্ট হৈ গৈছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক