ছূৰা 18 · জুজ 15
Al-Kahf · 18:27
وَاتْلُ مَا أُوحِيَ إِلَيْكَ مِنْ كِتَابِ رَبِّكَ ۖ لَا مُبَدِّلَ لِكَلِمَاتِهِ وَلَنْ تَجِدَ مِنْ دُونِهِ مُلْتَحَدًا
আৰু তোমাৰ প্ৰতিপালকৰ কিতাবৰ পৰা তোমাৰ ওচৰত যি অহী কৰা হয় সেয়া তুমি পাঠ কৰি শুনোৱা। তেওঁৰ বাক্যসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই; আৰু তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপাবা।
তাফছীৰ
হে ৰাছুল! আপোনাক কোৰআনৰ যিবোৰ আয়াত আল্লাহে অহী কৰিছে সেইবোৰ তিলাৱত কৰক আৰু সেইমতে আমল কৰক। তেওঁৰ বাণীক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। কিয়নো সেয়া পৰিপূৰ্ণৰূপে সত্য তথা ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। আপুনি সেই পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থলো বিচাৰি নাপাব। তথা লুকোৱাবলৈও কোনো ঠাই নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক