ছূৰা 17 · জুজ 15
Al-Isra · 17:93
أَوْ يَكُونَ لَكَ بَيْتٌ مِنْ زُخْرُفٍ أَوْ تَرْقَىٰ فِي السَّمَاءِ وَلَنْ نُؤْمِنَ لِرُقِيِّكَ حَتَّىٰ تُنَزِّلَ عَلَيْنَا كِتَابًا نَقْرَؤُهُ ۗ قُلْ سُبْحَانَ رَبِّي هَلْ كُنْتُ إِلَّا بَشَرًا رَسُولًا
‘অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ’ব নাইবা তুমি আকাশত আৰোহণ কৰিবা কিন্তু তোমাৰ আকাশ আৰোহণত আমি কেতিয়াও ঈমান পোষণ নকৰিম যেতিয়া লৈকে তুমি আমাৰ বাবে এটা কিতাব অৱতীৰ্ণ নকৰিবা যিটো আমি পঢ়িম। কোৱা, ‘পৱিত্ৰ মহান মোৰ ৰব! মই কেৱল বাৰ্তাবাহকৰূপে এজন মানুহহে’।
তাফছীৰ
অথবা আপোনাৰ বাবে সোণেৰে সুসজ্জিত এখন ঘৰ হওক, অথবা আপুনি আকাশলৈ আৰোহন কৰক। নহয়, কেৱল আকাশলৈ আৰোহন কৰিলেই আমি আপোনাক ৰাছুল বুলি বিশ্বাস নকৰোঁ, যেতিয়ালৈকে আপুনি আল্লাহৰ ফালৰ পৰা লিখিত পুথিলৈ নামি নাহিব আৰু তাত লিখা থাকিব লাগিব যে, আপুনি আল্লাহৰ ৰাছুল। হে ৰাছুল! আপুনি সিহঁতক কওক, মোৰ প্ৰতিপালক পৱিত্ৰ। মই মাত্ৰ এজন মানুহ, আন আন ৰাছুলসকলৰ দৰেই মোক প্ৰেৰণ কৰা হৈছে। একোৱেই আনিবলৈ মোৰ ক্ষমতা নাই, এতেকে মই তোমালোকৰ আবেদন কেনেকৈ পূৰণ কৰিব পাৰিম?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক