ছূৰা 17 · জুজ 15
Al-Isra · 17:89
وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِي هَٰذَا الْقُرْآنِ مِنْ كُلِّ مَثَلٍ فَأَبَىٰ أَكْثَرُ النَّاسِ إِلَّا كُفُورًا
আৰু অৱশ্যে আমি এই কোৰআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছো; কিন্তু অধিকাংশ মানুহ কুফৰী নকৰি ক্ষেন্ত হোৱা নাই।
তাফছীৰ
আমি এই কোৰআনত স্পষ্টভাৱে বিভিন্ন ধৰণৰ উপদেশ, শিক্ষাপ্ৰদ কথা, আদেশ-নিষেধ আৰু বাস্তৱ কাহিনী আদি বৰ্ণনা কৰিছো, যাতে মানুহে ঈমান পোষণ কৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কোৰআনক অস্বীকাৰ কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক