ছূৰা 17 · জুজ 15
Al-Isra · 17:88
قُلْ لَئِنِ اجْتَمَعَتِ الْإِنْسُ وَالْجِنُّ عَلَىٰ أَنْ يَأْتُوا بِمِثْلِ هَٰذَا الْقُرْآنِ لَا يَأْتُونَ بِمِثْلِهِ وَلَوْ كَانَ بَعْضُهُمْ لِبَعْضٍ ظَهِيرًا
কোৱা, ‘যদি এই কোৰআনৰ অনুৰূপ কোৰআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব যদিও সিহঁত পৰস্পৰে পৰস্পৰক সহায় কৰে’।
তাফছীৰ
হে ৰাছুল! আপুনি জনাই দিয়ক, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ দৰে এখন গ্ৰন্থ ৰচনা কৰিবলৈ যদি গোটেই জিনজগত আৰু মানৱজাতি একত্ৰিত হয়, তথাপিও সিহঁতে কোৰআনৰ দৰে সহজ সৰল, সুন্দৰ গঠন, সুশৃংখল গ্ৰন্থ কদাপিও ৰচনা কৰিব নোৱাৰে। যদিও ইজনে সিজনক সহায়-সহযোগিতা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক