ছূৰা 17 · জুজ 15
Al-Isra · 17:86
وَلَئِنْ شِئْنَا لَنَذْهَبَنَّ بِالَّذِي أَوْحَيْنَا إِلَيْكَ ثُمَّ لَا تَجِدُ لَكَ بِهِ عَلَيْنَا وَكِيلًا
আৰু আমি ইচ্ছা কৰিলে তোমাৰ প্ৰতি যি অহী কৰিছো সেয়া অৱশ্যে প্ৰত্যাহাৰ কৰিলোহেঁতেন; তাৰ পিছত এই বিষয়ে তুমি আমাৰ বিৰুদ্ধে কোনো কৰ্মবিধায়ক নাপালাহেঁতেন।
তাফছীৰ
হে ৰাছুল! আমি অহীৰ জৰিয়তে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো, সেয়া ইচ্ছা কৰিলে পুথি তথা অন্তৰৰ পৰা মচি দিব পাৰো। তেতিয়া আপুনি সেইবোৰ উদ্ধাৰ কৰিবলৈ কোনো সহায়ক বিচাৰি নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক