ছূৰা 17 · জুজ 15

Al-Isra · 17:85

وَيَسْأَلُونَكَ عَنِ الرُّوحِ ۖ قُلِ الرُّوحُ مِنْ أَمْرِ رَبِّي وَمَا أُوتِيتُمْ مِنَ الْعِلْمِ إِلَّا قَلِيلًا

আৰু সিহঁতে তোমাক ৰূহ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘ৰূহ মোৰ প্ৰতিপালকৰ আদেশঘটিত আৰু তোমালোকক অতি সামান্য জ্ঞানহে দিয়া হৈছে’।

তাফছীৰ

হে ৰাছুল! আহলে কিতাবসকলৰ মাজৰ পৰা কাফিৰসকলে আপোনাক ৰূহৰ বাস্তৱিকতা সম্পৰ্কে প্ৰশ্ন কৰে। এতেকে আপুনি সিহঁতক কৈ দিয়ক, ৰূহৰ প্ৰকৃত তথ্য আল্লাহৰ বাহিৰে আন কোনেও নাজানে। তোমালোকক আৰু গোটেই সৃষ্টিজগতক যি জ্ঞান দিয়া হৈছে সেয়া আল্লাহৰ জ্ঞানৰ তুলনাত নিচেই নগন্য।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক