ছূৰা 17 · জুজ 15
Al-Isra · 17:26
وَآتِ ذَا الْقُرْبَىٰ حَقَّهُ وَالْمِسْكِينَ وَابْنَ السَّبِيلِ وَلَا تُبَذِّرْ تَبْذِيرًا
আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।
তাফছীৰ
হে ঈমান্দাৰসকল! তোমালোকে আত্মীয়সকলৰ হক আদায় কৰিবা। লগতে দুখীয়া-দৰিদ্ৰ আৰু ভ্ৰমণ অৱস্থাত থকা বিপাঙত পৰা ব্যক্তিক সহায় কৰিবা। নিজৰ সম্পদক গুনাহৰ কৰ্মত ব্যয় নকৰিবা তথা অপব্যয় নকৰিবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক