ছূৰা 17 · জুজ 15
Al-Isra · 17:25
رَبُّكُمْ أَعْلَمُ بِمَا فِي نُفُوسِكُمْ ۚ إِنْ تَكُونُوا صَالِحِينَ فَإِنَّهُ كَانَ لِلْأَوَّابِينَ غَفُورًا
তোমালোকৰ প্ৰতিপালকে তোমালোকৰ অন্তৰত যি আছে সেয়া ভালদৰেই জানে; যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে নিশ্চয় তেওঁ তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী সকলৰ প্ৰতি অতি ক্ষমাশীল।
তাফছীৰ
হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে তোমালোকৰ অন্তৰত থকা ইবাদতৰ প্ৰতি, নেক কৰ্ম আৰু পিতৃ-মাতৃৰ প্ৰতি যি নিষ্ঠা আছে। ইবাদত আৰু পিতৃ-মাতৃৰ সৈতে কৰা ব্যৱহাৰত যদি তোমালোকৰ নিয়্যত নেক থাকে তেন্তে আল্লাহে সেইসকল লোকক ক্ষমা কৰিব, যিসকলে তাওবা কৰে। এতেকে যিয়ে আল্লাহৰ ইবাদত আৰু পিতৃ-মাতৃৰ সেৱাৰ ক্ষেত্ৰত বিগত দোষ-ত্ৰুটিৰ পৰা তাওবা কৰিব, আল্লাহে তাক ক্ষমা কৰিব দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক