ছূৰা 17 · জুজ 15
Al-Isra · 17:21
انْظُرْ كَيْفَ فَضَّلْنَا بَعْضَهُمْ عَلَىٰ بَعْضٍ ۚ وَلَلْآخِرَةُ أَكْبَرُ دَرَجَاتٍ وَأَكْبَرُ تَفْضِيلًا
লক্ষ্য কৰা, আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো, আৰু অৱশ্যে আখিৰাত মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বত বৃহত্তৰ!
তাফছীৰ
হে ৰাছুল! আপুনি চিন্তা কৰি চাওঁক, কিদৰে আমি সিহঁতৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত ধন-সম্পদ আৰু পদমৰ্যাদাত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। পাৰ্থিৱ জীৱনৰ তুলনাত আখিৰাতৰ নিয়ামতৰ মৰ্যাদা তথা শ্ৰেষ্ঠত্বৰ মাজত থাকিব অধিক তফাৎ। গতিকে মুমিনসকলে সেইটো পোৱাৰ কামনা কৰা উচিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক