ছূৰা 17 · জুজ 15
Al-Isra · 17:2
وَآتَيْنَا مُوسَى الْكِتَابَ وَجَعَلْنَاهُ هُدًى لِبَنِي إِسْرَائِيلَ أَلَّا تَتَّخِذُوا مِنْ دُونِي وَكِيلًا
আৰু আমি মুছাক কিতাব প্ৰদান কৰিছিলো আৰু সেইটোক আমি বনী ইছৰাঈলৰ বাবে পথনিৰ্দেশক কৰি দিছিলো। যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়কৰূপে গ্ৰহণ নকৰা।
তাফছীৰ
আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলো আৰু বনী ইছৰাঈলৰ বাবে আমি সেইখনক পথপ্ৰদৰ্শক বনাইছিলো। আৰু আমি বনী ইছৰাঈলক কৈছিলোঃ তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্মবিধায়ক কৰি নল'বা, যাৰ ওচৰত সকলো কৰ্ম সমৰ্পন কৰা হয়। বৰং তোমালোকে কেৱল মোৰ ওপৰতেই ভৰসা কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক