ছূৰা 17 · জুজ 15

Al-Isra · 17:107

قُلْ آمِنُوا بِهِ أَوْ لَا تُؤْمِنُوا ۚ إِنَّ الَّذِينَ أُوتُوا الْعِلْمَ مِنْ قَبْلِهِ إِذَا يُتْلَىٰ عَلَيْهِمْ يَخِرُّونَ لِلْأَذْقَانِ سُجَّدًا

কোৱা, ‘তোমালোকে কোৰআনৰ ওপৰত ঈমান পোষণ কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল, তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে ছাজদাত পৰি যায়’।

তাফছীৰ

হে ৰাছুল! আপুনি কৈ দিয়ক, যদি তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা, তথাপিও তোমালোকৰ ঈমানৰ ফলত ইয়াৰ কোনো উন্নতি নহ'ব, আৰু যদি ঈমান পোষণ নকৰা তথাপিও ইয়াৰ একো ক্ষতি নহ'ব। নিশ্চয় যিসকলে পূৰ্বৱৰ্তী ঐশীগ্ৰন্থসমূহ পাঠ কৰিছে, লগতে অহী আৰু নবূওৱত সম্পৰ্কে জ্ঞান আছে, যেতিয়া সিহঁতৰ সন্মুখত কোৰআন তিলাৱত কৰা হয় তেতিয়া সিহঁতে কৃতজ্ঞতাৰ বাবে আল্লাহৰ প্ৰতি ছাজদাৱনত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক