ছূৰা 16 · জুজ 14

An-Nahl · 16:84

وَيَوْمَ نَبْعَثُ مِنْ كُلِّ أُمَّةٍ شَهِيدًا ثُمَّ لَا يُؤْذَنُ لِلَّذِينَ كَفَرُوا وَلَا هُمْ يُسْتَعْتَبُونَ

আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক ওজৰ-আপত্তি কৰিবলৈ অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।

তাফছীৰ

হে ৰাছুল! স্মৰণ কৰক, যিদিনা আল্লাহে প্ৰত্যেক সম্প্ৰদায়ৰ ৰাছুলক সেই সম্প্ৰদায়ৰ মুমিনসকলৰ ঈমান আৰু কাফিৰসকলৰ কুফৰীৰ সাক্ষীৰূপে উপস্থাপন কৰিব। সেইদিনা কোনো কাফিৰে নিজৰ কুফৰীৰ পৰা ৰক্ষা পাবলৈ অজুহাত দেখুৱাব নোৱাৰিব, আনহাতে আল্লাহৰ সন্তুষ্টিমূলক আমল কৰিবলৈ পৃথিৱীতো উভতি আহিব নোৱাৰিব। কিয়নো আখিৰাত হৈছে হিচাপ-নিকাচৰ ঠাই, আমলৰ ঘৰ নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক