ছূৰা 16 · জুজ 14

An-Nahl · 16:81

وَاللَّهُ جَعَلَ لَكُمْ مِمَّا خَلَقَ ظِلَالًا وَجَعَلَ لَكُمْ مِنَ الْجِبَالِ أَكْنَانًا وَجَعَلَ لَكُمْ سَرَابِيلَ تَقِيكُمُ الْحَرَّ وَسَرَابِيلَ تَقِيكُمْ بَأْسَكُمْ ۚ كَذَٰلِكَ يُتِمُّ نِعْمَتَهُ عَلَيْكُمْ لَعَلَّكُمْ تُسْلِمُونَ

আৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ; যিবোৰে তোমালোকক তাপৰ পৰা ৰক্ষা কৰে আৰু তেৱেঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে যিয়ে তোমালোকক যুদ্ধ ক্ষেত্ৰত ৰক্ষা কৰে। এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা।

তাফছীৰ

আল্লাহেই তোমালোকৰ সুবিধাৰ্থে গৰমৰ পৰা ৰক্ষা পাবলৈ গছ-গছনি আৰু ঘৰ আদিৰ ছাঁ বনাইছে। তোমালোকৰ বাবে পাহাৰত সুৰঙ, গুহা আদি বনাইছে, য’ত তোমালোকে শীত, গৰম আৰু শত্ৰুৰ পৰা আত্মগোপন কৰা। তোমালোকক সূতা তথা অন্যান্য কাপোৰ প্ৰদান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে শীত আৰু গৰমৰ পৰা ৰক্ষা পোৱা। আৰু তোমালোকক বৰ্ম প্ৰদান কৰিছে, যিটো তোমালোকক যুদ্ধত শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰে। যিদৰে আল্লাহে তোমালোকক উক্ত নিয়ামতবোৰ প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব, যাতে তোমালোকে কেৱল আল্লাহৰেই আনুগত্য কৰা, আৰু তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক