ছূৰা 16 · জুজ 14

An-Nahl · 16:80

وَاللَّهُ جَعَلَ لَكُمْ مِنْ بُيُوتِكُمْ سَكَنًا وَجَعَلَ لَكُمْ مِنْ جُلُودِ الْأَنْعَامِ بُيُوتًا تَسْتَخِفُّونَهَا يَوْمَ ظَعْنِكُمْ وَيَوْمَ إِقَامَتِكُمْ ۙ وَمِنْ أَصْوَافِهَا وَأَوْبَارِهَا وَأَشْعَارِهَا أَثَاثًا وَمَتَاعًا إِلَىٰ حِينٍ

আৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজ বুলি ভবা। আৰু (ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰ-উপকৰণ।

তাফছীৰ

তোমালোকে শিল তথা অন্যান্য বস্তু আদিৰে নিৰ্মাণ কৰা তোমালোকৰ ঘৰসমূহক আল্লাহেই থকাৰ বাবে শান্তিস্থল বনাইছে। উট, গৰু আৰু ছাগলীৰ চামৰাৰে নিৰ্মিত শিবিৰ বনাইছে, যিবোৰ তোমালোকে ভ্ৰমণত তথা অন্যান্য স্থলত অতি সহজেই কঢ়িয়াই লৈ যাব পাৰা। ক’ৰবাত অৱস্থান কৰিলে অতি সহজেই তম্বু সাজিব পাৰা। লগতে ছাগলী, উট আৰু ভেড়াৰ ঊণেৰে তোমালোকৰ বাবে বনাইছে ঘৰোৱা সামগ্ৰী, ঊণী কাপোৰ, চাদৰ আদি। যিবোৰৰ দ্বাৰা তোমালোকে এটা নিৰ্দিষ্ট সময়লৈকে উপকৃত হ'ব পাৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক