ছূৰা 16 · জুজ 14

An-Nahl · 16:7

وَتَحْمِلُ أَثْقَالَكُمْ إِلَىٰ بَلَدٍ لَمْ تَكُونُوا بَالِغِيهِ إِلَّا بِشِقِّ الْأَنْفُسِ ۚ إِنَّ رَبَّكُمْ لَرَءُوفٌ رَحِيمٌ

আৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা দেশত, য’ত প্ৰাণান্তৰ কষ্টবিহীন তোমালোকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু।

তাফছীৰ

এই চতুষ্পদ জন্তুবোৰ যিবোৰ আমি তোমালোকৰ উপকাৰৰ বাবে সৃষ্টি কৰিছো, ভ্ৰমণত তোমালোকৰ সা-সামগ্ৰী এনেকুৱা স্থানলৈ বহন কৰি লৈ যায়, যি স্থানত তোমালোকে অধিক কষ্ট নোহোৱাকৈ যাব নোৱাৰা। হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি কৰুণাময় আৰু দয়াৱান, সেয়ে তেওঁ এই চতুষ্পদ জন্তুবোৰক তোমালোকৰ অধীনস্থ কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক