ছূৰা 16 · জুজ 14

An-Nahl · 16:39

لِيُبَيِّنَ لَهُمُ الَّذِي يَخْتَلِفُونَ فِيهِ وَلِيَعْلَمَ الَّذِينَ كَفَرُوا أَنَّهُمْ كَانُوا كَاذِبِينَ

(পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে, সেয়া সিহঁতৰ ওচৰত স্পষ্টভাৱে বৰ্ণনা কৰাৰ বাবে আৰু কাফিৰসকলক জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া।

তাফছীৰ

আল্লাহে কিয়ামতৰ দিনা সকলো লোককে পুনৰ্জীৱিত কৰিব, যাতে সেই বিষয়বোৰৰ বাস্তৱিকতা স্পষ্ট কৰি দিয়ে, যিবোৰকলৈ সিহঁতে মতানৈক্য কৰিছিল, যেনেঃ তাওহীদ, পুনৰুত্থান আৰু নুবুওৱত সম্পৰ্কে। যাতে কাফিৰসকল আল্লাহৰ অংশীদাৰ স্থাপনৰ ক্ষেত্ৰত আৰু পুনৰুত্থানৰ বিষয়টোক অস্বীকাৰ কৰাৰ কাৰণে মিছলীয়া প্ৰমাণিত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক