ছূৰা 16 · জুজ 14

An-Nahl · 16:38

وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ ۙ لَا يَبْعَثُ اللَّهُ مَنْ يَمُوتُ ۚ بَلَىٰ وَعْدًا عَلَيْهِ حَقًّا وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ

আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত কৰি কয়, ‘যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰ্জীৱিত নকৰিব’। কিয় নকৰিব! নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব। কিন্তু অধিকাংশ মানুহেই নাজানে।

তাফছীৰ

আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰকাৰী এইসকল লোকে ডাঠি শপত খাই কয়ঃ আল্লাহে মৃত্যুবৰণকাৰীসকলক কেতিয়াও পুনৰ্জীৱিত নকৰিব। অথচ সিহঁতৰ ওচৰত এই সম্পৰ্কে কোনো প্ৰমাণো নাই। জানি থোৱা! নিশ্চয় আল্লাহে প্ৰত্যেক মৃত্যুবৰণকাৰীক পুনৰুত্থিত কৰিব। এইটো তেওঁৰ চিৰসত্য প্ৰতিশ্ৰুতি। কিন্তু অধিকাংশ লোকে এই কথাষাৰ নাজানে যে, আল্লাহে মৃতসকলক জীৱিত কৰিব। সেই কাৰণে সিহঁতে আখিৰাতৰ পুনৰুত্থানক অস্বীকাৰ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক