ছূৰা 16 · জুজ 14

An-Nahl · 16:32

الَّذِينَ تَتَوَفَّاهُمُ الْمَلَائِكَةُ طَيِّبِينَ ۙ يَقُولُونَ سَلَامٌ عَلَيْكُمُ ادْخُلُوا الْجَنَّةَ بِمَا كُنْتُمْ تَعْمَلُونَ

ফিৰিস্তাসকলে তেওঁলোকৰেই মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওঁক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।

তাফছীৰ

যিসকলৰ প্ৰাণ মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সঙ্গীসকলে এনেকুৱা অৱস্থাত হৰণ কৰিব, যেতিয়া তেওঁলোকৰ অন্তৰ কুফৰী আদিৰ পৰা পৱিত্ৰ থাকিব। তেতিয়া ফিৰিস্তাসকলে তেওঁলোকক সম্বোধন কৰি ক'বঃ তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক। তোমালোক সকলো বিপদ-আপদৰ পৰা সুৰক্ষিত। তোমালোকে জান্নাতত প্ৰৱেশ কৰা, কাৰণ তোমালোক পৃথিৱীত বিশুদ্ধ আক্বীদাৰ অধিকাৰী আছিলা আৰু তাৰ প্ৰতি আমল কৰিছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক